Assam TET 2019 LP-UP CDP important Question (Part 4)

Assam TET 2019 LP-UP

Assam Tet 2019 LP-UP: বিষয়: শিশু বিকাশ ( Child Development)

Part – 4 >

১) ল’ৰা-ছোৱালীক ভ্ৰমণ কৰিবলৈ দিব লাগে, কাৰণ –
ক) ইয়াৰ ফলত তেওঁলোকে সুখী অনুভৱ কৰে
খ) ইয়াৰ ফলত তেওঁলোকে বেছি শিকিব পাৰে
গ) ভ্ৰমণৰ সময়ত ল’ৰা-ছোৱালীয়ে কোলাহল নকৰে
ঘ) ভ্ৰমণত ল’ৰা-ছোৱালীয়ে আনন্দ কৰে

২) শিশুৰ লিখাৰ ক্ষমতাৰ উন্নয়ন ঘটাবলৈ কি কৰা উচিত
ক) বেছিৰ পৰা বেছি হোমৱৰ্ক দিব লাগে
খ) শ্ৰুতলিপিৰ অভ্যাস কৰাব লাগে
গ) শুনা আৰু পৰ্যবেক্ষণৰ জৰিয়তে লিখাৰ অনুশীলন কৰাব লাগে
ঘ) লিখাৰ বাবে প্ৰেৰণা দিব লাগে আৰু তেওঁলোকক প্ৰতিশ্ৰুতি দিব লাগে

৩) যিবোৰ ল’ৰা-ছোৱালী লেতেৰা কাপোৰ কানি পিন্ধি আহে, তেওঁলোকক –
ক) শ্ৰেণীৰ বাহিৰত থিয় কৰাই থব লাগে
খ) তেওঁলোকৰ পিতৃ-মাতৃক মাতিবলৈ কব লাগে
গ) পৰিষ্কাৰ পৰিছিন্নতাৰ গুৰুত্বৰ বিষয়ে শিক্ষা দিব লাগে
ঘ) আৰ্থিক সাহায্য দিব লাগে যাতে তেওঁলোকে নতুন কাপোৰ কিনিব পাৰে

৪)শিশুৱে শ্রেণীকোঠাত মনোযোগ দিবলৈ হলে শিক্ষকে –
ক) শিক্ষণৰ সময়ত আৰ্হি, চাৰ্ট আৰু অন্য উপযোগী সামগ্ৰী ব্যৱহাৰ কৰিব লাগে
খ)শিক্ষণৰ সময়ত তেওঁলোকক কাহিনী কব লাগে
গ) শিক্ষণৰ সময়ত কৌতুক অথবা আমোদজনক কথা পাতিব লাগে
ঘ) পঢ়াৰ সময়ত মাজে মাজে গালি-গালাজ কৰিব লাগে

৫) যদি ল’ৰা আৰু ছোৱালী পৰস্পৰৰ প্ৰতি আকৰ্ষিত হয়, তেতিয়া শিক্ষকে –
ক) তেওঁলোকক বেলেগে বেলেগে বহুৱাব
খ) তেওঁলোকক শ্ৰেণীত থিয় কৰাই ৰাখিব
গ) আজিকালিৰ সামাজিক জীৱনৰ বিষয়ে তেওঁলোকক কব
ঘ) তৎক্ষণাত দুয়োকে বহিষ্কাৰ কৰিব

৬) অধ্যয়নৰ সময়ত ল’ৰা-ছোৱালীৰ উপযুক্ত মনোযোগ পাবলৈ শিক্ষকে –
ক) পঢ়াৰ সময়ত হাঁহিৰ খোৰাক দিব
খ) পাঠদান বন্ধ কৰি কাহিনী কব
গ) তেওঁলোকক শ্ৰেণীৰ পৰা পঠাই দিব
ঘ) পাঠটো উপভোগ্য কৰিবলৈ চেষ্টা কৰিব

৭) আধুনিক পৰিবেশত তেৱেঁই হল সফল শিক্ষক :
ক) আধুনিক সমাজ-পোছাক পৰিধান কৰি শ্ৰেণীকোঠালৈ অহাজন
খ) মোবাইল অথবা পেজাৰ লৈ শ্ৰেণীলৈ অহাজন
গ) শ্ৰেণীত কিবা শিকাবলৈ পৰিস্থিতি সৃষ্টি কৰা
ঘ) ছাত্ৰ-ছাত্ৰীৰ সৈতে কাৰ্য্যক্ষম যোগাযোগ ৰখাৰ দক্ষতা থকাজন

৮)পাঠ এটা শিকোৱাৰ আগতে শিক্ষকে কি কৰিব?
ক) এজন ছাত্ৰৰ দ্বাৰা পাঠ পঢ়ুৱাব
খ) পাঠটোৰ মূল বৈশিষ্ঠবোৰ তেওঁ কৈ দিব
গ) প্ৰথমে তেওঁ পাঠটোৰ টান শব্দবোৰৰ অৰ্থ আঙুলিয়াই দিব
ঘ) তেওঁ প্ৰথমে পাঠটোৰ প্ৰশ্নবোৰৰ উত্তৰবোৰ কৈ দিব

৯) পাঠ এটা শিকোৱাৰ পাছত শিক্ষকে কি কৰিব?
ক) তেওঁ পাঠটোৰ প্ৰশ্নৰ উত্তৰ কৰিবলৈ কব
খ) তেওঁ পাঠটোৰ প্ৰশ্নবোৰৰ উত্তৰ তেওঁলোকক দিব
গ) তেওঁলোকে লিখিব পাৰিব নে নোৱাৰে তেওঁ এৰি দিব
ঘ) তেওঁ ছাত্ৰ-ছাত্ৰীক কি বুজিলে তাৰ পৰীক্ষা কৰিব

১০) দুৰ্বল ছাত্ৰ-ছাত্ৰীক তুমি কিদৰে শিকাবা ?
ক) প্ৰতিদিনে তুমি নতুন কাহিনীৰে সৈতে এখনকৈ নতুন কিতাপ দিব
খ) মেধাবী ছাত্ৰবোৰৰ সৈতে তেওঁক শিকাবা
গ) তুমি বেলেগ সময় উলিয়াই তেওঁক শিকাবা
ঘ) তুমি তেওঁক কবা যে যি কঠোৰ পৰিশ্ৰম কৰে তেওঁ সফলতা অৰ্জন কৰে

১১) যিবোৰ ছাত্ৰ-ছাত্ৰী দুষ্ট আৰু নিচাজাতীয় দ্ৰৱ্য সেৱন কৰে, তেওঁলোকক তুমি কিদৰে বাৰণ কৰিবা?
ক) তুমি তেওঁক উচিত শাস্তি দিবা আৰু উন্নয়নৰ পাছত শিকাবা
খ) ইয়াৰ পৰা হব পৰা অসুখৰ বিষয়ে তুমি তেওঁক কবা আৰু তাৰ পাছত তেওঁক শিকাবা
গ) তুমি নিচাজাতীয় দ্ৰৱ্যবোৰ লৈ লবা আৰু তাৰ পাছত তেওঁক শিকাবা
ঘ) তুমি কেৱল নিচাজাতীয় দ্ৰৱ্য সেৱন নকৰা ছাত্ৰ-ছাত্ৰীক হে শিকাবা

Download Lp-UP Tet CDP Part 4 Pdf : Click Here

Download Lp-UP Tet CDP Part 4 Answer Key Pdf: Click Here

Watch This Video For Instance Answer Key: Click Here

Download Social Science Pdf : Visit Now > Geography

Click For > History

Get Assam Tet CDP Question Answer Pdf : Click Here


Leave a Reply

Your email address will not be published. Required fields are marked *